আহিলা পাতি, ইত্যাদি।

আহিলা পাতি, ইত্যাদি।

এটি সাধাৰণ সাক্ষাৎকাৰৰ সংকলন।

গামোচা

এটি গামোচা!

Note: This article is also available in English. Huge thanks to Pragati Kalita and Violet Duttson for helping with the translations to Assamese.


এটি গামোচা!

আপুনি কোন আৰু আপুনি কি কৰে?

নমস্কাৰ, মই গামোচা আৰু সঁচা ক’বলৈ গ’লে মই বিৰাট আমোদজনক। মই এজন ৫৬ ইঞ্চিৰ মানুহ আৰু আন ইমানেই বেছি আমোদজনক মানুহৰ লগত ঘূৰাই ফুৰা কৰোঁ যে মই লাহেকৈ হিচাব কৰিব নোৱাৰা হৈ পৰিছো। কথা ইমানতে শেষ নহয়, কোনোবাই Covid-19ৰ বাবে মোৰ চানেকিৰ মাস্ক ও বনাই পেলালে। গতিকে আপুনি ক’ব পাৰে যে মই আপোনাৰ বাবে সাংঘাটিক প্ৰয়োজনীয়।

এতিয়া কথাটো হ’ল, মই বহু ঠাই ভ্ৰমণ কৰিছোঁ। কিন্তু সঁচা কথাটো হ’ল যে মই অসমৰ মানুহখিনিৰ লগত ঘূৰি আটাইতকৈ ফুৰ্তি পাইছোঁ। কাৰণ মই জন্ম পোৱাৰ দিনাৰ পৰাই এয়াই কৰি আহিছোঁ। মই ৰাতি টোপনি যাবলৈ শুনা গানৰ লীষ্ট খনত জুবিনদাৰ মায়া গানটো কেইবাবাৰো বাজে। নাই এনেই কথাটো জৰুৰী বুলি ভাবিলো।

অ’, মই আপোনাক ক’লো নে মই কোন? টেকনিকেলি ক’ব গ’লে মই এখন আয়তাকৃতিৰ কাপোৰ। আৰু একেবাৰে স্পষ্ট কাৰণত ৰঙা আৰু বগা মোৰ প্ৰিয় ৰং। কটন কলেজৰ পৰা মই টেক্সটাইল বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছোঁ আৰু সেই তাতেই মই বুজিলো যে পাট সূতাৰ জগত খনত মই নিজৰ ব্ৰেণ্ড মূল্য অসাধাৰণ ভাৱে বৃদ্ধি কৰিব পাৰিম।

গতিকে মূল কথাতো হ’ল, মই বেলেগ বেলেগ ঠাইলৈ ঘূৰি ফুৰো। এয়াই মোৰ কাম।

আপুনি বাৰু কি hardware ব্যৱহাৰ কৰে?

মই বাৰু কি hardware ব্যৱহাৰ কৰোঁ? মই কি আৰু কেনেকৈ কৰোঁ,সেই প্ৰশ্নটো মোক নকৰাৰ বাবে ধন্যবাদ; তথাপিওমই আপোনাক কম। ইয়াত এটা dichotomy আছে- এফালে চাব গলে মই ডাঙৰ সন্মানীয় বস্তুৰ লগত অভ্যাগত ,আৰু আনফালে চাব গলে মই সামান্য ধূলিকণি চাফা কৰাত ব্যৱহৃত। শিক্ষা- দোকানৰ পৰা কিনা মুহুৰ্তৰ পৰা যিকোনো কামত ব্যৱহাৰ হবলৈ সাজু হৈ থাকক।

এনেহলে মই এটা পুৰণি iPhone 4S আৰু এটা পুৰণি Compaq Desktop ব্যৱহাৰকৰোঁ। এই দুবিধ যন্ত্ৰৰ বাদে আন একো আপোন নহয় মোৰ। মই মানুহজন প্ৰযুক্তিৰ লগত ইমান এটা জড়িত নহয়।

আৰু কি software?

উম,মই বৰকৈ বাহিৰত ওলাই গৈছিলোঁ আগতে, লগৰবোৰৰ লগতেই আৰু; কিন্তু এইযে COVID19ৰ কাৰণে চলি থকা lockdownটোৱে জীৱনটো একেবাৰে সলনি কৰি পেলালে। বিহু ও cancel কৰিলে! আমাৰ মৰমৰ ৰঙালী বিহুটি cancel কৰিলে,ভাবিব পাৰিছে নে ? সেইবুলি ঘৰতেই বহি দিনবোৰ কোটাইছোঁ, Instagram খুচৰি, ফোন screenখন scroll কৰি। এনেতে এটা অসমীয়া illustration ৰ page দেখিলোঁ,বৰ ধুনীয়া pageটো। এইফালে মই ভূপেন হাজৰিকাৰ গানৰ এলবাম proxy pirateby site বোৰত বিচাৰি তত পোৱা নাই,একে সময়ত এইসকল ডেকা-গাভৰুক এনেদৰে আধুনিক software ব্যৱহাৰ কৰি অসমীয়া কলা-সংস্কৃতিৰ ওপৰত কাম ইমান ভাল ভাল content আগবঢ়াই দিয়া দেখি খুব ভাল লাগিলে।

আপোনাৰ dream setupটো কি হব বাৰু ?

মই ভাবি থৈছোঁ মোৰ dream setup,এখন bandanna যিয়ে ঢোলৰ চেও দি থকা ঢুলীয়া এজনৰ কপাল শুৱনি কৰিব। কিন্তু কেতিয়াবা আকৌ ভাবো দূৰণিৰ গাঁওএখনত,গৰমৰ দিনৰ আবেলি এটিত,ৰচি এডালত ওলমি থাকিলে হে বেছি ভাল লাগিব জানো।


Published: 11 Apr 2020