আহিলা পাতি, ইত্যাদি।

আহিলা পাতি, ইত্যাদি।

এটি সাধাৰণ সাক্ষাৎকাৰৰ সংকলন।

অভিষেক চৌধুৰী

শিল্পী

Note: This article is also available in English.


আপুনি কোন আৰু আপুনি কি কৰে?

নমস্কাৰ, মোৰ নাম অভিষেক চৌধুৰী, মই এজন শিল্পী আৰু designer। মোৰ যথেষ্ট কাম সাধু কথা, comics, চলচিত্ৰ - এই সমূহ ক্ষেত্ৰৰ লগত জড়িত। ৰাইজে মোক সাধাৰণতে মোৰ illustration’ৰ কামৰ বাবে জানে যদিও concept art আৰু animation’অৰ কামো কৰোঁ।

আপুনি বাৰু কি hardware ব্যৱহাৰ কৰে?

মই ২০১২ৰ পৰা Wacom Intuos 4 ব্যৱহাৰ কৰি আহিছোঁ আৰু digital art’অৰ ক্ষেত্ৰত ইয়াক মই মোৰ বিশ্বাসযোগ্য সঙ্গী বুলি কব পাৰো, কিন্তু শেহতীয়া কৈ মই digital art আৰু illustratio’ৰ বাবে iPad ব্যৱহাৰ কৰিবলৈ লৈছোঁ। যদিও মোৰ বাবে বস্তুটো নতুন, iPad’ৰ সহজতে লৈ ফুৰিব পৰা surface’ত ছবি অঁকাৰ‌ সুকীয়া মজা আছে। মই iPad pro (1st gen) 10.5inch 256GB ব্যৱহাৰ কৰি আছোঁ।

আৰু কি software?

ব্যক্তিগত কম্পিউটাৰ ব্যবহাৰ কৰিলে বেছি ভাগ Adobe creative suite তথা illustration(rastar) জাতীয় কামৰ বাবে প্ৰধান কৈ Adobe Photoshop ব্যৱহাৰ কৰা হয় আৰু অন্য সকলো graphic design(vector) কামৰ বাবে Adobe Illustrator ব্যৱহাৰ কৰোঁ।

মাজেহময়ে animation আৰু motion design’ৰ কামৰ বাবে Adobe AfterEffects আৰু প্ৰকাশন সম্বন্ধীয় কামত বাবে InDesign ব্যবহাৰ কৰোঁ।

কাম কৰোতে আপোনাৰ চিন্তা ধৰা কেনেকুৱা?

তাৰ বাবে তেনে কোনো বিশেষ মন্ত্ৰ নাই, কাম কৰি থাকোতে নিজক অত্যধিক কষ্ট দিয়াৰ পৰা বিৰত থাকি জিৰণিক গুৰুত্ব দিও। সকলো সৃজনীমূলক কামৰ বাবে কিছু সময় লোৱাতো দৰকাৰ। মই ৰাতি কাম কৰি ভাল পাওঁ আৰু সাধাৰণতে মোৰ ৰাতি কৰা কাম বোৰ ভাল হয়।

ছবি আৰু design’ৰ পৃথিৱী খনৰ নতুন নতুন খবৰ ৰখা, নিজৰ visual vocabulary বৃদ্ধি কৰা আৰু বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰাটো অতি প্ৰয়োজনীয়।

আপোনাৰ dream setupটো কি হব বাৰু ?

ভৱিষ্যতে এটা Microsoft surface studio‘অত কাম কৰিব ভাল পাম , ই দেখাত অতি সুন্দৰ আৰু designing কামৰ বাবে যোগ্য। তদুপৰি virtual world সৃষ্টি কৰিবলৈ এটা VR setup থাকিলে ভাল লাগিব, যেনে Vive অৰ Oculus

দৃশ্য শ্ৰব্য ৰেকৰ্ডিং কৰাৰ বাবে এটা সৰু studio corner কৰাৰ সদায়েই মন আছে। শেষত বিচাৰো মোৰ প্ৰিয় ছবি কিতাপ, graphic novels, zines অৰ বাবে এটা পুথি ভঁৰাল আৰু মোৰ action figures বোৰ থবলৈ এটুকুৰা সুন্দৰ ঠাই। 🏃


Published: 19 Apr 2020