আহিলা পাতি, ইত্যাদি।

আহিলা পাতি, ইত্যাদি।

এটি সাধাৰণ সাক্ষাৎকাৰৰ সংকলন।

কৃষ্ণশীষ গগৈ

কম্পিউটাৰ বিকাশক

Note: This article is also available in English.

আপুনি কোন আৰু আপুনি কি কৰে?

মোৰ নাম কৃষ্ণশীষ গগৈ - যিটো নাম মোৰ লগতে আন বহুতৰে উচ্চাৰণ কৰোতে কিছু অসুবিধা হয়। বন্ধুবৰ্গৰ মাজত মই “দুম” নামেৰে পৰিচিত, কাৰণ মই বহুতো game আৰু forumঅত “doomkookie” নামটো ব্যৱ্হাৰ কৰোঁ। মই অলপ অপ্ৰস্তুত হলেও নামটো তেওঁলোকৰ বাবে সুবিধাৰ। মই জীৱনৰ ২৪ তা বসন্ত গৰকিলো। ১৮ বছৰ বয়সত মই গুৱাহাটীৰ পৰা বেংগালুৰু লৈ বুলি ৰাওনা হৈছিলোঁ আৰু বৰ্তমান মই বেংগালুৰুতে আছো।

প্ৰধানত মই freelance game developerঅৰ কাম কৰোঁ। তাৰ উপৰি web development আৰু deep learning projectsঅৰ লগতে অন্য মানুহৰ programmingঅৰ কামো কৰোঁ।

২০১৪ মই এজন fullstack developer হিচাপে web development কৰিছিলোঁ। মই এতিয়াও মাজে সময়ে web developmentঅৰ কাম কৰোঁ কিন্তু fullstack developer টো মুঠেই নহয়। web developmentঅত ইমান বাঢ়ি অহা জটিলতাৰ মাজত কোনো fullstack developer থাকিব জানো?

বৰ্তমান মই video games’অত gameplay আৰু কৃত্ৰিম বুদ্ধিমত্তা (Artificial intelligence) programmer হিচাপে কাম কৰি আছো। মই VFX, shaders, textures অৰ লগতো কাম কৰো। তাৰ উপৰিও মই lighting, color grading আৰু কিছু কিছু cinematographyৰো কাম কৰো। তথাপিও মই কব লাগিব যে সৃজনশীল কাম বোৰত মই বৰ পাৰ্গত নহয়।

যিহেতু video game, প্ৰযুক্তি, কলা আৰু সৃজনশীল কামৰ সমন্বয়ৰ থলী, ইয়াত ব্যৱ্হাৰ হোৱা আহিলা সমূহ অন্য সম্বন্ধীয় কামতো ব্যৱ্হাৰ হয়।

আপুনি বাৰু কি hardware ব্যৱহাৰ কৰে?

মোৰ দুটা লেপটপ আছে যি দুটা মই ভ্ৰমণ কৰিলে অথবা client demo দিব হলে ব্যৱ্হাৰ কৰোঁ। লেপটপ দুটা যথেষ্ট পুৰণি, ২০১৪’ তে কিনা। বহু দিন হোৱাৰ ফলত দুয়োটাৰে অৱস্থা বৰ ভাল হৈ থকা নাই আৰু ইয়াৰ এটাক মেৰামতি কৰিবলগীয়া হৈ আছে।

মোৰ প্ৰধান কাম কৰা যন্ত্ৰটো ভাল বুলিয়ে কব লাগিব - AMD Ryzen 5 (processor), 16GB RAM, Gigabyte GeForce GTX 1080 WF OC (GPU), Corsair 200R (case), Asus PRIME B350+ (motherboard).

মই Zebronics MAX Plus যান্ত্ৰিক keyboard/mechanical keyboard, ব্যৱ্হাৰ কৰো। Mechanical keyboard হিচাপে এইখন যথেষ্ট সস্তা, যʼত RGBও(!) উপলব্ধ । যিহেতু মই এইখন মোৰ কাম আৰু gamingঅৰ বাবে গোটেই দিনটো এইখন ব্যৱ্হাৰ কৰো, সেই হিচাপে ই যথেষ্ট ভাল কাম কৰিছে। মই এইখন ব্যৱ্হাৰ কৰি খুব সুখী।

মোৰ নিগনি(mouse 🐁) টো Steelseries Rival 110 আৰু নিগনিটোৰ বিচনাখন (mouse pad) Steelseries Qck Heavy mousepad

কিছু দিন পূৰ্বে মই dual monitor setupঅলৈ উন্নীত কৰিলো। মোৰ প্ৰধান monitor টো হল Acer Nitro VG240YP - - 1920 x 1080, 144hz, IPS panel, ইয়াক বিষয়ে মোৰ একো অভিযোগ নাই, কাৰণ মই বিচৰা সকলো খিনি ইয়াত আছে। দ্বিতীয় টো monitor HP 24es

মোৰ কেইখন মান Raspberry Pi 2 B+ boards আছে যিটো মই কিছুমান ধেমালি প্ৰকল্পত(Toy Projects) ব্যৱ্হাৰ কৰো। ইয়াৰ উপৰিও মোৰ তাত এটা Beaglebone Black boardও আছে, কিন্তু বৰ্তমান খুব বেছিকে ব্যৱ্হাৰ কৰা হোৱা নাই।

আৰু কি software?

Software অৰ কথা কব লাগিলে মই বহুতো কব লাগিব, কিন্তু ইয়াৰ মই গুৰুত্বপূৰ্ণ কেইটামান কথা হে কম।

Operating System

Windows 10 আৰু Debian Testing.

মোৰ কৈশোৰ কালত মই এজন free and opensource software extremist আছিলোঁ, মই যিহেতু এতিয়া আগতকৈ অলপ জনা হৈছোঁ গতিকে দুয়োটাই এতিয়া মই প্ৰয়োজন অনুসাৰে ব্যৱ্হাৰ কৰো।

Wallpaper Engine ব্যৱ্হাৰ কৰাৰ বাহিৰে মোৰ Windows setup টো সাধাৰণ । Debianঅত মই xmonad ব্যৱ্হাৰ কৰোঁ আৰু ইয়াৰ জৰিয়তে Haskellঅৰ লগত মোৰ প্ৰথম চিনাকি হৈছিল। ইয়াৰ লগত মই কাম কৰি ইমানে ভাল পালো যে সলোৱাৰ কথা কেতিয়াও নাভাবিলো।

Code Editors

Atom, Emacs and Visual Studio Code.

প্ৰথমতে কব বিচাৰো যে মই Atomঅক ভাল নাপাওঁ। কিয়নো মই ইয়াক কেতিয়াও ভালদৰে নিশিকিলো। এইটো কথা নকলেও হব যে ই code editor’অৰ ভেশত এটা browser। সকলো খিনি কৈও, মই নতুন computer ব্যৱ্হাৰ কৰিলে ইয়াকে মনত পেলাও। ইয়াক মই web development জাতীয় কামত ব্যৱ্হাৰ কৰো।

Emacs মোৰ প্ৰিয় code editor যত unreal engine ব্যৱহাৰ কৰা নহয়। মই জানো যে এইমাত্ৰ মই atomঅক code editorঅৰ ভেশত এটা browser বুলি কলো, কিন্তু Emacs code editorঅৰ ভেশত সঁচাকৈ এটা Operating system. কিন্তু ই সঁচাকৈ এটা বঢ়িয়া বস্তু। মই ইয়াক ১৪ বছৰৰ পৰা ব্যৱহাৰ কৰি আহিছো। ইয়াৰ প্ৰতিটো বস্তুৰ লগত মই খুবেই ভাল দৰে চিনাকী। ইয়াক ব্যৱহাৰ কৰাৰ বাবে মোক হাঁহিছিল কিন্তু সেই হাঁহি স্থায়ী নহʼল যেতিয়া তেওঁলোকে দেখিলে যে মই এই বস্তুটোৰ পৰাই Spotify playlist সলনি কৰো।

এতিয়া মই নতুনকৈ VSCode ব্যৱহাৰ কৰো C#‘অৰ বাবে।

Game Engine

Unity, Unreal Engine, Phaser

এবছৰ আগলৈ Unity মোৰ প্ৰাথমিক আৰু পছন্দৰ Game engine আছিল। ইয়াক শিকিবলৈ সহজ, যথেষ্ট শক্তিশালী আৰু ইয়াক সহযোগিতা আগবঢ়াবলৈ যথেষ্ট মানুহ আছে। যদিও ই ব্যক্তিগত ভাবে মোৰ প্ৰিয় নহয়, মোৰ বেছি ভাগ clientsʼএ ইয়াক ব্যৱহাৰ কৰা‌তো বিচাৰে। mobile game বনোৱাতো ইয়াক বহল ভাবে ব্যৱহাৰ কৰা হয়।

ব্যক্তিগত ভাৱে Unreal Engine মই পছন্দ কৰোঁ। যাৰ প্ৰধান কাৰণ হল Epic Games - যিটো companyই Unreal Engine বনায়, যিহেতু তেওঁলোকে নিজৰ game বোৰত ইয়াক ব্যৱহাৰ কৰে, মই ইয়াক বিশ্বাস কৰিব পাৰো।

Phaser এটা সৰু আৰু মজাৰ JavaScript game engine. মই নিজে Phaser দি আৰম্ভ কৰিছিলোঁ, যত মই এটা খুবেই বেয়া flappy bird clone বনাইছিলো।

Communication

Discord আৰু Slack

Technical Art

Blender, Substance Painter, Substance Designer, Houdini, SHADERed

Technical art শব্দটো খুব শুদ্ধ নহলেও কৈছো কাৰণ কেৱল art বুলি কলে ভুল হব। খুব প্ৰয়োজন হলে মই [Blender](https://en.wikipedia.org/wiki/Blender_(software) ব্যৱহাৰ কৰো। প্ৰাথমিক জ্ঞান খিনি মোৰ আছে, কিন্তু কোনো পধ্যেয় মই 3D artist নহয়।

Substance Painter টো মই 3D assetsঅৰ textureঅৰ বাবে ব্যৱহাৰ কৰো। Substance painter - texture বনোৱাৰ বাবে ব্যৱহাৰ কৰা হয় আৰু Substance Designer ব্যৱহাৰ হয় material বনোৱাৰ বাবে। সহজ ভাবে কবলৈ হলে materialএ এইটো ঠিক কৰে কিদৰে পোহৰে এটা বস্তুৰ লগত খেলা কৰে। Texture তাৰ পাছত material’অত যোগ কৰিব পাৰি তাক সলনি বা অধিক দেখনীয়াৰ কৰিবলৈ।

যেতিয়া মই shader বনাব লগীয়া হয়, মই SHADERed ব্যৱহাৰ কৰো।

শেষত, Houdini ব্যৱহাৰ হয় যি কোনো ধৰণৰ VFX কামৰ কাৰণে। ই এটা বিৰাট ধুনীয়া application, কিন্তু সদ্যহতে মই ইয়াৰ বহু কম features হে ব্যৱহাৰ কৰিছো।

আপোনাৰ dream setupটো কি হব বাৰু ?

মোৰ বৰ্তমান setup টো ধুনীয়া, কিন্তু মই কিছুমান বস্তু উন্নীত কৰিবলৈ ভাল পাম। প্ৰথমতে RAM 32GB লৈ বঢ়াব পাৰিলে ভাল হব, আৰু GPU খন RTX 2080Ti ‍অলে। SSD, NZXT Case আৰু processor টো উন্নীত কৰিবৰ মন। চমুকৈ কবলৈ গলে একে খিনি বস্তু আৰু অলপ উন্নত ৰূপত ব্যৱহাৰ কৰিবলৈ ভাল পাম। তদুপৰি মোক এখন অতি আৰামদায়ক চকী লাগে, লগতে এটা VR setup থাকিলে মজা লাগিব।

আপোনাৰ নতুন বস্তু হিকৰ পদ্ধতি টো কি?

এইটো নিৰ্ভৰ কৰে, মই কি শিকিব চেষ্টা কৰি আছোঁ। যদি library/framework হয়, মই official tutorial আৰু সমল বোৰ যিমান পাৰোঁ গোটাবলৈ চেষ্টা কৰো। ভাল সমল বিচাৰিবলৈ Reddit/HN অৰ সহায় লও। প্ৰধানত কিতাপেই পঢ়ো। তাৰ পাছত মই সমল বোৰ গোগ্ৰাসে গিলিবলৈ আৰম্ভ কৰো।

মই সাধাৰণতে official tutorial বোৰ বুজিবলৈ সহজ পাও, যেনে PyTorch’অৰ official tutorial বোৰ খুবেই ভাল। কেতিয়াবা কিছুমান এনেকুৱা পাঠ্যক্ৰম থাকে যিবোৰত সময় দি আপুনি অনুতাপ নকৰে। যেনে Jeremy Howard’অৰ Practical Deep Learning for Coders আৰু Tom Looman‘s Unreal Engine C++ course.

এইটো কথাও হয় যে কিছুমান বস্তু পঢ়াতকৈ চাই শিকিলে বেছি ভালদৰে শিকিব পাৰি, যেনে texturing, modelling, animation, visual effects ইত্যাদি।

বৰ্তমান সময়ত YouTube অৱশ্যেই আছে কিন্তু শিকাৰ ক্ষেত্ৰত ইয়াৰ মজবুত গাঁথনি নাই। যদি আপোনাৰ তাত Youtubeʼঅৰ বাদেও অন্য সমল আছে যেনে কিতাপ, তেনে ক্ষেত্ৰত পাঠ সম্বন্ধীয় Youtubeʼঅৰ লেকচাৰ আৰু tutorial চালে যথেষ্ট সহায় হব। কিন্তু এইটো কথা কবই লাগিব যে ৰন্ধন শৈলীৰ ক্ষেত্ৰত বৰ্তমান YouTube অতি আৱশ্যক! 🍪 👨‍🍳

আৰু বিষয়টো অলপ বুজাৰ পাছত তাৰ ওপৰত এটা toy project কৰো। আমি যিয়ে নিশিকো কিয়, তাক যদি আমি ব্যৱহাৰিক অৰ্থত ব্যৱহাৰ নকৰোঁ তেতিয়া শিকাৰ অৰ্থ নাথাকে। যেতিয়া মই এই toy projects বোৰ কৰো মই কিছুমান প্ৰত্যাহ্বানৰ সন্মূখীন হ‌ও, যিবোৰ সমাধান কৰিবলে মই আৰু দ কৈ সেই বিষয়টো অধ্যয়ন কৰিবলগীয়া হয়।

এই সৰু-সৰু প্ৰত্যাহ্বান বোৰ মোৰ শিকা প্ৰক্ৰিয়াটোৰ এটা ডাঙৰ অংশ। কিতাপ আৰু লেকচাৰে বেছি ভাগ সময় কি-কেনেকৈ শুদ্ধকৈ কৰিব লগে কয়। কিন্তু আমি যেতিয়া সঁচা প্ৰকল্প এটাত কাম কৰো, ই আমাক কʼত-কʼত ভুল হব পাৰে কয়। 🏃


Published: 22 Jun 2020