আহিলা পাতি, ইত্যাদি।

আহিলা পাতি, ইত্যাদি।

এটি সাধাৰণ সাক্ষাৎকাৰৰ সংকলন।

দেবাশ্ৰী দাস

ফটোগ্ৰাফাৰ

Note: This article is also available in English.

আপুনি কোন, আৰু আপুনি কি কৰে?

নমস্কাৰ, মই দেবাশ্ৰী আৰু মই এগৰাকী ফটোগ্ৰাফাৰ। ২০১৭ চনৰ পৰা মই ফ্ৰিলাঞ্চ ফটোগ্ৰাফীক নিজৰ পেচা হিচাপে লৈছোঁ। ইয়াৰ আগতে মই ভ’ডাফোনত এগৰাকী অভিযন্তা হিচাপে কাম কৰিছিলোঁ। ইয়াৰ উপৰি মই ছ’চিয়েল মিডিয়া ব্যৱস্থাপনাৰ কাম কৰিছোঁ, আৰু Cocoon Street নামৰ এটা অল্পবাদী (মিনিমেলিষ্ট) পোচাকৰ শাৰী আৰম্ভ কৰিছোঁ। কিন্তু মই ফটোগ্ৰাফাৰ হিচাপেই নিজৰ পৰিচয় দি ভাল পাওঁ। মই বিশেষকৈ ফেশ্যন আৰু জীৱনশৈলীৰ ফটোগ্ৰাফী কৰোঁ।

আপুনি কি কি হাৰ্ডৱেৰ ব্যৱহাৰ কৰে?

মোৰ কেমেৰাৰ বেগত থাকে মোৰ Nikon D750 কেমেৰাটো, আৰু 50mm f1.8, 35mm f1.8, 24-120mm f4, 85mm f1.8, 10-20mm f3.5 এই লেন্সকেইখন।

মই প্ৰাকৃতিক পোহৰত ফটো তুলি বেছি ভাল পাওঁ, কিন্তু Digitek strobe light DSF 610 ৰ সৈতেও মই পৰীক্ষা-নিৰীক্ষা চলাইছোঁ, য’ত মই অক্টাবক্স বা বিউটি ডিশ্বৰ দৰে উপকৰণ ব্যৱহাৰ কৰিছোঁ। মোৰ আহিলাখিনি যথেষ্ট বুনিয়াদী, আৰু সময়ৰ লগে-লগে মই উচ্চমানৰ লেন্স তথা ম’ডিফায়াৰ ব্যৱহাৰ কৰি চাব বিচাৰিম। সদ্যহতে মই মোৰ হাতত থকা আহিলাখিনিকে উপযুক্তভাৱে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰি আছোঁ।

আৰু কি কি ছফ্‌টৱেৰ ব্যৱহাৰ কৰে?

ফটোগ্ৰাফীৰ পিছত পৰিমাৰ্জন কৰিবলৈ আৰু এলবাম ডিজাইন আদি কৰিবলৈ মই এড’বি ফটোশ্বপ আৰু লাইটৰুম ব্যৱহাৰ কৰোঁ। ফোনত মই Snapseed, VSCO ইত্যাদি এপ্‌ ব্যৱহাৰ কৰোঁ।

আপোনাৰ কৰ্মপ্ৰণালী কেনেকুৱা?

মোৰ বেছিভাগ কামত সাধাৰণতে বিভিন্ন ব্ৰেণ্ডৰ সংগ্ৰহাৱলী, কেটেলগ্‌ বা লুকবুকৰ বাবে ফটো তোলা হয়। এইবোৰৰ বাবে সাধাৰণতে মোৰ গ্ৰাহকজনৰ সৈতে পৰিকল্পনা কৰি লোৱাৰ প্ৰণালী এটা আছে। ফটো তোলাৰ বাবে দৃশ্য ব্যৱস্থাপনা, মনোদশা, মডেল, ষ্টাইলিং, মেক-আপ, পোহৰ ব্যৱস্থাপনা আদি আগতেই পৰিকল্পনা কৰি লোৱা হয়। গ্ৰাহক আৰু মোৰ, এই দুয়োপক্ষৰেই সৃষ্টিশীল উপদেশবোৰ চালি-জাৰি চোৱা হয়, আৰু ফটো তুলি থাকোঁতে সেই আলোচনাৰপৰা অহা প্ৰত্যাশাবোৰ ফটোত তুলি ধৰিবলৈ চেষ্টা কৰোঁ। প্ৰতিটো প্ৰকল্প আৰম্ভ কৰাৰ আগতে যথেষ্ট গৱেষণাৰ প্ৰয়োজন হয়। ব্যক্তিগত প্ৰকল্পত অৱশ্যে ইমান ধৰা-বন্ধা নিয়ম-নিৰ্দেশনা নাথাকে। তেনেকুৱা ক্ষেত্ৰত মই সোঁতৰ সৈতে গতি কৰোঁ আৰু মোৰ সৃষ্টিশীলতাই মোক যিফালেই লৈ যায় সেইফালেই গতি কৰোঁ। মুঠতে মই যি কামেই কৰি আছোঁ, সেই কাম সম্পূৰ্ণভাৱে উপভোগ কৰিবলৈ চেষ্টা কৰোঁ।

আপোনাৰ dream setup কেনেধৰণৰ হ’ব?

মোৰ সপোন হ’ল উচিত পৰিমাণৰ পোহৰ পৰা বৃহৎ ষ্টুডিঅ’ এটা। সৌভাগ্যক্ৰমে মই ঘৰতে এটা সৰু নিজা ষ্টুডিঅ’ সাজি উলিয়াইছোঁ, কিন্তু তাত উচিত পৰিমাণৰ প্ৰাকৃতিক পোহৰ নপৰে। মই বিচাৰোঁ এটা ডাঙৰ ষ্টুডিঅ’ য’ত ওখ-ওখ খিৰিকিৰে বহুত পোহৰ সোমাব। আৰু মই বিচাৰোঁ কিছুমান সুন্দৰ Oliphant দৃশ্যপট, এখন 24-70mm লেন্স, Profoto লাইট কিছুমান, ডাঙৰ ম’ডিফায়াৰ কিছুমান, আৰু ইটো-সিটো বহুতো!


Published: 03 Jul 2020