আহিলা পাতি, ইত্যাদি।

আহিলা পাতি, ইত্যাদি।

এটি সাধাৰণ সাক্ষাৎকাৰৰ সংকলন।

প্ৰিয়ংকা গগৈ

শিল্পী

Note: This article is also available in English.

আপুনি কোন, আৰু কি কৰে?

নমস্কাৰ, মই প্ৰিয়ংকা গগৈ। মই এগৰাকী চিত্ৰশিল্পী আৰু PhophophoWorldৰ আঁৰৰ ব্যক্তি। মোৰ চিত্ৰকৰ্মৰ যাত্ৰাটো সমাজৰ আগত তুলি ধৰাৰ এক মঞ্চ হিচাপে মই ২০১৫ চনত PhophophoWorld আৰম্ভ কৰিছিলোঁ। সেইসময়ত মই ডিজিটেল মাধ্যম ব্যৱহাৰ কৰি ছবি আঁকিব নাজানিছিলোঁ, আৰু পৰম্পৰাগত মাধ্যমেই মোৰ সমল আছিল। আজিকালি মই ডিজিটেল মাধ্যমত ছবি আঁকিয়েই ভাল পাওঁ। উভতি চালে দেখা পাওঁ মোৰ চিত্ৰকৰ্মসমূহ কেনেকৈ দুৰ্বাৰ গতিৰে বিকশিত হৈছে, আৰু এই গতিয়ে বাধা পোৱাটো মই নিবিচাৰোঁ। আচলতে মই এতিয়াও জানিব বিচাৰি আছোঁ মই প্ৰকৃততে কি কৰি ভাল পাওঁ, আৰু মোৰ নিজস্ব শৈলী কি। কেতিয়াবা মই অভিসাৰী হওঁ, কেতিয়াবা মই অপসাৰীও হওঁ, কিন্তু ছবি আঁকিবলৈ কেতিয়াও এৰি নিদিওঁ।

PhophophoWorld আৰম্ভ কৰাৰ পিছৰেপৰা বহুকেইটা কাৰ্টুনে দৰ্শকৰ সমাদৰ লাভ কৰিছে, আৰু বহুখিনি দৰ্শক বৰ্তমান মোৰ চিত্ৰৰ গ্ৰাহকলৈ ৰূপান্তৰিত হৈছে। আজিকালি মই ই-নিমন্ত্ৰণীৰ পৰা আদি কৰি শিশু-উপযোগী ছবিলৈকে, সকলোধৰণৰ বিষয়বস্তু অংকণ কৰোঁ।

মোৰ চিত্ৰকৰ্মৰ বাবে মোৰ ইনষ্টাগ্ৰাম @PhophophoWorld বা মোৰ ফেচবুক পৃষ্ঠা চাব পাৰে। লগতে, গুগল প্লে’ ষ্ট’ৰত মই আঁকি উলিওৱা অসমীয়া হোৱাট্‌চএপ ষ্টিকাৰ কিছুমান পাব। সেইবিলাক ক্ৰয় কৰিব বুলি আশা ৰাখিলোঁ!

আপুনি কি কি হাৰ্ডৱেৰ ব্যৱহাৰ কৰে?

এইটোৰ উত্তৰ দিবলৈ মোৰ লাজেই লাগে, কাৰণ মই কিমান অপেচাদাৰী সেইটো ওলাই পৰিব!

মই আৰম্ভণি কৰিছিলোঁ কমিক-কন এখনত সস্তাতে পোৱা Wacom One Small এটাৰে। ই মোৰ অতি বিশ্বাসী উপকৰণ আছিল, কিন্তু যোৱাবছৰ মই ইয়াক ইয়াৰ দ্বয়িত্বৰ পৰা অব্যাহতি দিলোঁ। ইয়াৰ ঠাইত মই এতিয়া এটা XP-Pen Artist 12 ব্যৱহাৰ কৰোঁ, যিটো মোলৈ আমেৰিকাবাসী এজন সম্বন্ধীয় লোকে মোৰ অনুৰোধ ৰক্ষা কৰি Black Friday saleত ৬০% ৰেহাইত কিনি পঠিয়াই দিছিল। মই সকলোৱে শুনাকৈ উচ্চস্বৰে ক’ম: “ভাল ৰেহাই এটা মই কেতিয়াও অথলে যাবলৈ দিব নোৱাৰোঁ!”💰

মোৰ এতিয়ালৈ নিজৰ ডেস্কটপ এটা নাই (ডিজিটেল চিত্ৰকৰ্মীসকল, মোক ক্ষমা কৰক!)। Sony VAIO লেপটপ এটাৰ সৈতে মই Wacom খন ব্যৱহাৰ কৰি আছিলোঁ, কিন্তু ২০১৭ চনত সেই লেপটপটোৱে বাৰ্ধক্যজনিত ৰোগত মোৰপৰা বিদায় মাগে। তাৰপাছত মই এটা কম-সুবিধাযুক্ত Lenovo লেপটপ এটা ল’লোঁ, যিটো মই প্ৰধানকৈ পঢ়িবৰ বাবেহে ব্যৱহাৰ কৰিছিলোঁ। কিন্তু Wacomখনৰ সৈতে সি ভালদৰেই কাম কৰিছিল। XP-Pen টো সংযোগ কৰাৰ লগালগ পিছে সি পগলাৰ দৰে আচৰণ কৰিবলৈ আৰম্ভ কৰিছিল। কেইবাৰমান চেষ্টা কৰাৰ পিছত সি বন্ধ হৈ গৈছিল।

গতিকে মই এতিয়া ৯ বছৰ পুৰণি, ৩ বাৰ হাত-বাগৰা, কাম চলি যোৱাবিধৰ সুবিধাযুক্ত(8GB RAM, i5) Dell লেপটপ এটা ব্যৱহাৰ কৰোঁ, কিন্তু তাৰ বেটেৰিটোৱে কাম নকৰে, গতিকে মই তাক সকলো সময়তে চাৰ্জত লগাই থ’ব লাগে। আশা কৰোঁ ই যাতে সোনকালে নমৰে!

আৰু কি কি ছফ্‌টৱেৰ?

মই ফটোশ্বপৰ বাহিৰে বেলেগ একো নাজানো! মোৰ দুৰ্দশাগ্ৰষ্ট লেপটপটোত শেহতীয়া Photoshop CC 2020 সুমুওৱা আছে, ই এক অনিন্দ্য সুন্দৰ ছফ্‌টৱেৰ।

Procreate ব্যৱহাৰ কৰি এপ্পল ফোনত সুন্দৰ-সুন্দৰ ছবি অঁকা চিত্ৰকৰ্মীসকললৈ মোৰ হিংসাই লাগে। সেইকাৰণে মই শেহতীয়াকৈ Procreateৰ নিচিনা এন্দ্ৰইড এপ, Autodesk Sketchbook ডাউনল’ড কৰিছোঁ, আৰু ইয়াৰ সৈতে যুঁজি আছোঁ।

আপোনাৰ কৰ্মপ্ৰণালী কেনেকুৱা?

ছবিৰবাবে অহা ধাৰণাবোৰক লৈ মই মানসিক চাপ নল’বলৈ যত্ন কৰোঁ। মই এগৰাকী উদ্বেগী ব্যক্তি, আৰু যদি মই creative blockক লৈ মূৰ ঘমাওঁ, তেন্তে সঁচকৈয়ে মোৰ সৃষ্টিশীলতাত বাধা ওপজে। গতিকে মই মোৰ দৈনন্দিন কথা-বতৰা, খোৱা-বোৱা, বৈদ্যুতিন মাধ্যম আদিত সৃষ্টিশীল ধাৰণাবোৰ বিচাৰোঁ আৰু মোৰ ফোনত টুকি থওঁ। মোৰ ফোনত এসোপামান টোকা আছে, আৰু মই সঘনাই সেইবিলাক পঢ়ি থাকোঁ।

মই এনেকুৱা ছবি আঁকি ভাল পাওঁ যিয়ে দৰ্শকৰ মনত আনন্দ অনুভৱ কৰায়। গতিকে মই মোৰ হাতত থকা সময়ৰ ওপৰত নিৰ্ভৰ কৰি কাৰ্টুনিং আৰু illustrator শৈলীদুটাৰ মাজতেই সাল-সলনি কৰি থাঁকো। এইকেইদিন মোৰ হাতত সময় নোহোৱাই হৈছে, গতিকে ফটকৈ কাৰ্টুন এটা আঁকি ৰং অলপ সানি থৈ দিওঁ আৰু। সময় থাকিলে মই সুন্দৰকৈ বিভিন্ন ধৰণৰ দৃশ্যপট বা তেনেবিলাক আঁকিব পাৰোঁ। মই আচলতে নিজকে চেলেঞ্জ দিওঁ, প্ৰতিমাহে ১০-১৫টাকৈ ছবি আঁকি উলিয়াম বুলি। যদি সফল নহওঁ, তেতিয়াও কোনো কথা নাই, কিন্তু দৈনিক এক-দুইঘণ্টাকৈ মই আঁকিবলৈ যত্ন কৰোঁ।

আগতে ভাবিছিলোঁ যে মই এনেকুৱা ছবি অঁকা উচিত যাক দৰ্শকে আদৰি ল’ব আৰু মোৰ কামত নজৰ দিব। কিন্তু আজিকালি মই মূলত: নিজৰ বাবেহে ছবি আঁকো। নিজকে প্ৰকাশ কৰিবলৈহে মই ছ’চিয়েল মিডিয়াত নিজৰ ছবিবোৰ দিওঁ। কিছুমান মানুহে মোৰ কাম ভাল পায় আৰু মোৰ এই যাত্ৰাত সহযোগী হয়। তেওঁলোকৰ প্ৰতি মই চিৰকৃতজ্ঞ।🤗

আপোনাৰ dream setup কেনেধৰণৰ হ’ব?

সদ্যহতে মোক ডেস্কটপ এটা হ’লেই হ’ব, হাহা!

16GB RAM আৰু IPS Panel মনিটৰৰ সৈতে ডেস্কটপ এটা মোক লাগে, য’ত মই সকলোবোৰ ৰং স্পষ্টকৈ দেখিম। লগতে, সকলোবোৰ প্ৰগ্ৰাম সুচাৰুকৈ চলাবলৈ গ্ৰাফিক্স কাৰ্ড এখনো লাগিব। মোৰ টেবলেটটো ৰাখিবলৈ ষ্টেণ্ড এটাও লাগিব। মোৰ ভাইটিয়ে মোক ডেস্কটপটো assemble কৰিবলৈ কৈ আছে, আৰু তাৰ এনেকুৱা প্ৰযুক্তিগত কথাবিলাক মই বহুত বিশ্বাস কৰোঁ। (তেওঁৰ বিষয়ে : ahilapaati/krishnashish ইয়াত পঢ়িবলৈ পাব)

এইকেইদিন মই IKEAৰ সামগ্ৰীবোৰ খুব চাই আছোঁ। গতিকে সজ্জাৰ ফালৰ পৰা মোক লাগিব মোৰ টেবলেটৰ বাবে এখন থিয়কৈ ৰাখিব পৰা মেজ, মোৰ ৰাজহাড়ডালে কষ্ট নোপোৱা এখন বিজ্ঞানসন্মত চকী (সদ্যহতে মোৰ বেঞ্চ এখনহে আছে!), আৰু মোৰ প্ৰিয় চিত্ৰশিল্পীসকলৰ ভাললগা ছবিবোৰ সজাবলৈ এখন peg board! 👨‍🎨👩‍🎨


Published: 20 Aug 2020